31.03.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
উচ্চ পদ পাবলৈ হ’লে সত্য পিতাৰ লগত সদায় সততাৰে চলা, কোনো ভুল হ’লে পিতাৰ ওচৰত ক্ষমা
খোজা, নিজৰ মতত নচলিবা”
প্ৰশ্ন:
কেনেধৰণৰ
বিশেষ স্নেহী সন্তান কেতিয়াও লুকাই থাকিব নোৱাৰে?
উত্তৰ:
যাৰ ঈশ্বৰীয় পৰিয়ালৰ প্ৰতি মৰম আছে, যাৰ ৰাতিয়ে-দিনে সেৱাৰেই চিন্তা চলি থাকে,
এনেকুৱা সেৱাধাৰী যি আজ্ঞাকাৰী আৰু বিশ্বাসী, কেতিয়াও নিজৰ মতত নচলে, পিতাৰ প্ৰতি
সঁচা আৰু স্বচ্ছ অন্তৰৰ তেওঁ কেতিয়াও লুকাই থাকিব নোৱাৰে।
গীত:
তুম্হী হো মাতা
পিতা… (তুমিয়েই মাতা-পিতা…)
ওঁম্শান্তি।
গীতটিত
প্ৰতিশ্ৰুতি কাৰ আছিল? মাতা-পিতাৰ প্ৰতি সন্তানসকলৰ প্ৰতিশ্ৰুতি যে বাবা আমাৰতো এজন
আপুনিয়েই অন্য কোনো নাই। কিমান উচ্চ লক্ষ্য। এনেকুৱা শ্ৰেষ্ঠ পিতাৰ শ্ৰীমতত কোনোবা
চলিলে তেন্তে প্ৰতিশ্ৰুতি আছে, উত্তৰাধিকাৰ নিশ্চয় উচ্চ পাব। কিন্তু বুদ্ধিয়ে কয়
লক্ষ্য বৰ উচ্চ যেন লাগে। যেন কোটিৰ মাজত কোনোবা, কোনোবাৰ মাজত কোনোবা কেৱল মালাৰ
মণি হয়। কয়ো তুমি মাতা-পিতা কিন্তু মায়া ইমান শক্তিশালী যে কোনোবাই কাচিৎহে
প্ৰতিশ্ৰুতি মতে চলিব পাৰে। প্ৰত্যেকেই নিজক সুধিব পাৰে যে সঁচাকৈ মই মাতা-পিতাৰ
হৈছোঁনে? পিতাই কয় নহয়। বহুত কম সেয়েহে চোৱা মালা কিমানৰ হয়? কিমান কোটিৰ মাজত কেৱল
8 (আঠ)ৰ বৈজয়ন্তী মালা হয়, বহুতে কয় এটা, কৰে অন্য এটা সেইকাৰণে পিতায়ো কয় – চোৱা
কি আশ্চৰ্য। বাবাই কিমান মৰমেৰে বুজায় কিন্তু সুসন্তান বহুত কম ওলায়, (মালাৰ মণি)।
সন্তানসকলৰ ইমান শক্তি নাই যে শ্ৰীমতত চলিব পাৰে, তেন্তে নিশ্চয় ৰাৱণৰ মতত আছে
সেয়েহে ইমান পদ পাব নোৱাৰে। কোনোবা বিৰলজনহে মালাৰ মণি হয়, সেই স্নেহী সন্তানো
লুকাই নাথাকে। তেওঁ অন্তৰত অধিষ্ঠিত হৈ থাকে। ৰাতিয়ে-দিনে সেৱাৰেই চিন্তা চলি থাকে।
ঈশ্বৰীয় সম্বন্ধৰ প্ৰতি মৰম থাকে। তেওঁৰ বুদ্ধি বাহিৰলৈ ক’লৈকো নাযায়। এনেকুৱা মৰম
দৈৱী পৰিয়ালৰ সৈতে ৰাখিব লাগে। অজ্ঞান কালতো সন্তানসকলৰ পিতাকৰ সৈতে, ভগ্নী-ভাতৃৰ
পৰস্পৰ বহুতেই মৰম থাকে। ইয়াততো কোনো কোনোৰ লেখমানো পিতাৰ সৈতে যোগ নাই। প্ৰতিজ্ঞাতো
বহুত কৰে। ভক্তিমাৰ্গত গায়ন কৰে, এতিয়াতো সন্তানসকল সন্মুখত আছে। বিচাৰ কৰা হয়
ভক্তিমাৰ্গত যি গায়ন কৰি থাকে, কিমান মৰমেৰে স্মৰণ কৰে। ইয়াততো স্মৰণেই নকৰে। বাবাৰ
হৈ উঠা বাবে মায়া শত্ৰু হৈ পৰে। বুদ্ধি বাহিৰলৈ গুচি গ’লে তেতিয়া মায়াই ভালকৈয়ে
অৱনমিত কৰি দিয়ে। তেওঁ নিজে বুজি নাপায় যে মই যি কৰি আছোঁ সেয়া অৱনমিত হ’বলৈহে কৰি
আছোঁ। নিজৰ মতত অৱনমিত হৈ থাকে। তেওঁ গমেই নাপায় যে মই কি কৰি আছোঁ। কিবাতো
দোষ-ত্ৰুটি সন্তানসকলৰ মাজত আছে নহয়। কয় এটা আৰু কৰে অন্য এটা। নহ’লেতো পিতাৰ পৰা
উত্তৰাধিকাৰ কিমান উচ্চ পোৱা যায়। সততাৰে কিমান পিতাৰ সেৱাত লাগি যাব লাগে। কিন্তু
মায়া কিমান শক্তিশালী। কোটিৰ মাজত কোনোবাই পিতাক সম্পূৰ্ণকৈ চিনি পায়। পিতাই কয়,
কল্পই কল্পই এইদৰেই হয়। সম্পূৰ্ণ বিশ্বাসী, আজ্ঞাকাৰী নোহোৱাৰ বাবে সেই বেচেৰাসকলৰ
পদ এনেকুৱা হৈ যায়। কয়ো বাবা মই ৰাজযোগ শিকি নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হ’ম।
ৰাম সীতা নহওঁ। হাতো দাঙে কিন্তু চলনোতো এনেকুৱা হ’ব লাগে নহয়। বেহদৰ পিতা
উত্তৰাধিকাৰ দিবলৈ আহিছে, তেওঁৰ শ্ৰীমতত কিমান চলিব লাগে। বহুত আছে যিসকলে প্ৰতিজ্ঞা
কৰি লৈছে মই শ্ৰীমতত নচলোঁ। তেওঁলোক লুকাই নাথাকে। কাৰোবাৰ ভাগ্যত নাথাকিলে তেতিয়া
দেহ-অভিমানে প্ৰথমে থাপৰ লগায় আকৌ আহে কাম। কাম নাহিলে ক্ৰোধ, লোভ আহে। হওতেতো সকলো
শত্ৰু। মোহো এনেকুৱা বস্তু যিয়ে একেবাৰেই সৰ্বনাশ কৰি দিয়ে। লোভো কম নহয়। বৰ বেয়া
শত্ৰু। পাই-পইচাৰ বস্তু চুৰ কৰি ল’ব। এয়াও লোভ হয় নহয়। চুৰ কৰাৰ বহুত লেতেৰা অভ্যাস
আছে। অন্তৰ দহিব লাগে যে মই পাপ কৰি থাকিলে তেতিয়া কি পদ পাম। শিৱবাবাৰ যজ্ঞত আহি
বাবাৰ সন্মুখত মই এনেকুৱা কৰ্ম কেনেকৈ কৰিব পাৰো। মায়াই বহুত ওলোটা কৰ্ম কৰোৱায়।
যিমানেই নুবুজোৱা তথাপিও অভ্যাস আঁতৰি নাযায়। কিছুমান নাম-ৰূপত আবদ্ধ হৈ পৰে।
দেহ-অভিমানৰ কাৰণে নাম-ৰূপতো আহি যায়। প্ৰতিটো সেৱাকেন্দ্ৰৰ খবৰ বাবাৰ নাথাকে জানো।
বাবায়োনো কি কৰিব, বুজাবতো লাগে। কিমান সেৱাকেন্দ্ৰ আছে। কিমান বাবাৰ ওচৰলৈ খবৰ আহে।
চিন্তাতো থাকে নহয়। আকৌ বুজাবলগীয়া হয়, মায়া কম নহয়। বহুত অশান্ত কৰে। ভাল ভাল
সন্তানসকলক কোৱা হয় যে ডাঙৰ বুলি কোৱা মানে বেছি দুখ পোৱা। ইয়াততো দুখৰ কোনো কথা
নাই। জানে যে কল্প পূৰ্বেও এনেকুৱা হৈছিল। ঈশ্বৰৰ হৈ আকৌ মায়াৰ বশীভূত হৈ যায়। কিবা
নহয় কিবা বিকৰ্ম কৰি দিয়ে, সেইবাবে পিতাই কয় প্ৰতিজ্ঞাতো বহুত সন্তানে কৰে যে বাবা
মই আপোনাৰ শ্ৰীমতত নিশ্চয় চলিম, কিন্তু নচলে সেইকাৰণে চোৱা মালা কিমান সৰু তৈয়াৰ হয়,
বাকীতো হৈছে প্ৰজা। কিমান উচ্চ লক্ষ্য, ইয়াত অন্তৰ বহুত স্বচ্ছ হ’ব লাগে। প্ৰবচনো
আছে – সত্যত থাকিলে নাচি থাকিবা। যদি পিতাৰ সৈতে সততাৰে চলি থাকে তেন্তে সত্যযুগত
শ্ৰীকৃষ্ণৰ সৈতে গৈ নাচিব। সত্যযুগত শ্ৰীকৃষ্ণৰ নৃত্যহে প্ৰসিদ্ধ। ৰাস লীলা, ৰাধা
কৃষ্ণৰহে দেখুৱায়। পাছত ৰামলীলা দেখুৱায়। কিন্তু প্ৰথম নম্বৰত ৰাধা কৃষ্ণৰ ৰাসলীলা
কাৰণ এই সময়ত তেওঁলোক পিতাৰ সৈতে যথেষ্ট সত্যনিষ্ঠ হয় সেয়েহে কিমান উচ্চ পদ পায়।
হাততো বহুতে দাঙে, কিন্তু মায়া কেনেকুৱা। প্ৰতিজ্ঞা কৰিলে তেন্তে সেইমতে চলিব লাগে
নহয়। মায়াৰ ভূতবোৰক আঁতৰাব লাগে। দেহ-অভিমানৰ পিছে পিছে সকলো ভূত লাগি ধৰে। বাবাই
কয় দেহী-অভিমানী হৈ পিতাক স্মৰণ কৰা। তাৰ ভিতৰতো পুৱাতে বহি বাৰ্তালাপ কৰা। বাবাৰ
মহিমা কৰা। ভক্তিমাৰ্গত যদিওবা স্মৰণ কৰে কিন্তু মহিমাতো কাৰোৰে নাই। শ্ৰীকৃষ্ণক
স্মৰণ কৰিব। মহিমা কৰিব – মাখন চুৰি কৰিলে, তেওঁলোকক পলুৱালে। অকাসুৰ, বকাসুৰক বধ
কৰিলে, এইটো কৰিলে। বচ্ আৰু কি ক’ব। এই সকলোবোৰ হ’ল মিছা। সঁচাৰ অংশমাত্ৰও নাই।
তেন্তে আকৌ কি মাৰ্গ দেখুৱাব! মুক্তিকেই নাজানে। এই সময়ত সমগ্ৰ বিশ্বত ৰাৱণৰ ৰাজত্ব।
সকলো এই সময়ত পতিত। মনুষ্যই ভ্ৰষ্টাচাৰীৰ অৰ্থও বুজি নাপায়। এইটোও নাজানে যে
সত্যযুগত নিৰ্বিকাৰী দেৱতাসকল আছিল। গায়নো কৰে সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ।
কিন্তু আকৌ কৈ দিয়ে – তাতো ৰাৱণ, কংস, জৰাসন্ধ আদি আছিল। কোৱা হয় পৱিত্ৰ হোৱা,
তেতিয়া কয় দেৱতাসকলৰোতো সন্তান আদি আছিল। হেৰ’, তোমালোকে গায়ন কৰা সৰ্বগুণ সম্পন্ন…
সম্পূৰ্ণ নিৰ্বিকাৰী তেন্তে আকৌ বিকাৰৰ কথা কেনেকৈ হ’ব পাৰে। তোমালোকো নিৰ্বিকাৰী
হোৱা তেতিয়া কয় সৃষ্টি কেনেকৈ বাঢ়িব। সন্তান কেনেকৈ জন্ম হ’ব। মন্দিৰত গৈ মহিমা কৰে।
ঘৰলৈ আহিলে সেই মহিমাও পাহৰি যায়। লাগিলে তোমালোকে বিচাৰ কৰি চোৱা। ঘৰত গৈ বুজোৱা
তেতিয়া নামানিব। তাৰ কথা তাতেই থাকিল। পৱিত্ৰ হ’বলৈ কোৱা তেতিয়া ক’ব বাঃ! ইয়াৰ
অবিহনে সৃষ্টি কেনেকৈ চলিব। তেওঁলোকে গমেই নাপায় যে নিৰ্বিকাৰী সৃষ্টি কেনেকৈ চলে।
সন্তানসকলে গীতো
শুনিলে। প্ৰতিজ্ঞা কৰে – তোমাৰ মতত চলিম কাৰণ শ্ৰীমতত চলিলেহে কল্যাণ আছে। পিতাইতো
কৈ থাকে শ্ৰীমতত চলা, নহ’লে অৱশেষত মৃত্যু আহি যাব। তেতিয়া বিচাৰ সভাত সকলো ক’ব
লাগিব। তুমিয়েই এই পাপ কৰিছা। নিজৰ মতত চলিলে আকৌ কল্প কল্পৰ কাৰণে দাগ লাগি যাব।
এনেকুৱা নহয় যে এবাৰ অকৃতকাৰ্য হ’লে তেতিয়া দ্বিতীয়, তৃতীয় বছৰত পঢ়িম। নহয়। এতিয়া
অকৃতকাৰ্য হ’লে তেতিয়া কল্প কল্প হৈ থাকিবা, সেইকাৰণে পুৰুষাৰ্থ বহুত কৰিব লাগে।
খোজে প্ৰতি শ্ৰীমতত চলা। ভিতৰত যাতে একো অশুদ্ধি নাথাকে। অন্তৰ শুদ্ধ কৰি তুলিব লাগে।
নাৰদকো ক’লে নহয় – নিজৰ চেহেৰা দাপোনত চোৱা। তেতিয়া দেখিলে মইতো বান্দৰৰ নিচিনা। এয়া
এটা দৃষ্টান্ত। নিজক সুধিব লাগে যে মই কিমানলৈকে শ্ৰীমতত চলি আছোঁ। বুদ্ধিৰ
যোগসূত্ৰ ক’ৰবাত বাহিৰততো ঘূৰি নুফুৰে? দেহ-অভিমানততো নাই? দেহী-অভিমানীয়েতো সেৱাত
লাগি থাকিব। সকলো নিৰ্ভৰ কৰে যোগৰ ওপৰত। ভাৰতৰ যোগ প্ৰসিদ্ধ। সেয়াতো নিৰাকাৰ পিতাইহে
নিৰাকাৰ সন্তানসকলক বুজায়। ইয়াক কোৱা হয় সহজ ৰাজযোগ। লিখাও আছে নিৰাকাৰ পিতাই সহজ
ৰাজযোগ শিকালে। মাত্ৰ শ্ৰীকৃষ্ণৰ নাম দি দিলে। তোমালোকে জানা আমি এনেকুৱা
লক্ষ্মী-নাৰায়ণ হ’ব লাগে। পুণ্য আত্মা হ’ব লাগে। পাপৰ কোনো কথা নাই। পিতাৰ স্মৃতিত
থাকি তেওঁৰ সেৱাত থাকিব লাগে। ইমান উচ্চ পদ পাবলৈ হ’লে কিবাতো পৰিশ্ৰম কৰিবা নহয়।
সন্ন্যাসী আদিয়েতো কৈ দিয়ে গৃহস্থালিত থাকি পদুম ফুলৰ সমান হৈ থকা, এইটোতো হ’ব
নোৱাৰে। সম্পূৰ্ণ হওতে বহুত অকৃতকাৰ্য হৈ যায় কাৰণ স্মৰণ কৰিব নোৱাৰে। এতিয়া
প্ৰাচীন যোগ পিতাই শিকাই আছে। পিতাই কয় - যোগতো মই নিজেই আহি শিকাওঁ, এতিয়া মোক
স্মৰণ কৰা। তোমালোক মোৰ ওচৰলৈ আহিব লাগে। এয়া হ’ল স্মৃতিৰ যাত্ৰা। তোমালোকৰ মৰমৰ
শান্তিৰ ঘৰ সেইখন। এইটোও জানে যে আমি ভাৰতবাসীহে ভাৰতলৈ আহিম আৰু পূৰা উত্তৰাধিকাৰ
ল’ম। সেয়েহে পিতাই বাৰে বাৰে বুজায়, পূৰা প্ৰতিজ্ঞাত থাকা। ভুল হৈ গ’লে তেতিয়া
পিতাৰ ওচৰত ক্ষমা বিচাৰিব লাগে।
চোৱা এই সন্তানটি
ক্ষমা বিচাৰি বিশেষকৈ পিতাৰ ওচৰত এদিনৰ কাৰণে আহিছে। অলপ ভুল হ’ল সেয়েহে দৌৰি আহিছে
কাৰণ অন্তৰ দহি থাকে সেয়েহে ভাবিলে সন্মুখত গৈ বাবাক শুনাওঁ। কিমান পিতাৰ প্ৰতি
সন্মান আছে। বহুত সন্তান আছে যিয়ে ইয়াতকৈও বেছি বিকৰ্ম কৰি থাকে, গমেই নাপায়। মইতো
ক’ম বাঃ সন্তান, বৰ ভাল। অলপ ভুল কৰি ক্ষমা বিচাৰি আহিছা। বাবাই সদায় কয় যে ভুল
শুনাই ক্ষমা বিচৰা। নহ’লে সেই পাপ বৃদ্ধি হৈ গৈ থাকিব। তেতিয়া অৱনমিত হৈ যাবা।
মুখ্য যোগৰ দ্বাৰাহে ৰক্ষা পাব পাৰিবা। যি যোগৰ বহুত অভাৱ আছে। জ্ঞানতো বহুত সহজ।
এয়াতো যেন এটা কাহিনীহে। আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে কাৰ ৰাজত্ব আছিল, কেনেকৈ
ৰাজত্ব কৰিছিল। কিমান সময় ৰাজত্ব কৰিলে আকৌ ৰাজত্ব কৰোঁতে কৰোঁতে কেনেকৈ বিকাৰত
আবদ্ধ হ’ল। কোনেও আৰোহণ কৰা নাই। আৰোহণতো পাছত যেতিয়া বৈশ্য হ’ল তেতিয়া কৰিলে।
তেওঁলোকৰ পৰাতো ৰাৱণে ৰাজ্য কাঢ়ি ল’লে। তোমালোকে আকৌ ৰাৱণৰ ওপৰত বিজয়ী হৈ ৰাজ্য লোৱা,
এইটোও কাৰো বুদ্ধিত কাচিৎহে ধাৰণ হয়। যিসকল পিতাৰ সৈতে পূৰা বিশ্বাসী, আজ্ঞাকাৰী হৈ
থাকে। অজ্ঞান কালতো কোনোবা বিশ্বাসী, আজ্ঞাকাৰী থাকে। কিছুমান চাকৰো বৰ বিশ্বাসী হয়।
লাখ লাখ টকা পৰি থাকিলেও কেতিয়াও এটকাও তুলি নলয়। কয় – মালিক আপুনি চাবিকাঠী এৰি থৈ
গৈছিল, মই সাৱধানে ৰাখি থৈছোঁ। এনেকুৱাও থাকে। পিতাইতো বহুত ভালদৰে বুজাই থাকে।
বিবেকে কয় এই কাৰণেই মালাৰ মণি হ’ব নোৱাৰে। আকৌ তাত গৈ দাস-দাসী হ’বগৈ। নপঢ়িলে
নিশ্চয় এনেকুৱা অৱস্থা হ’ব। শ্ৰীমতত নচলে। পিতাই বুজায় তোমালোকৰ মুখ্য লক্ষ্য হৈছে
যোগ। মায়াই একেবাৰে নাকত ধৰি যোগযুক্ত হ’বলৈ নিদিয়ে। যোগ থাকিলে তেতিয়া সেৱা বহুত
ভালকৈ কৰিব। পাপলৈ ভয় থাকিব। যেনেকৈ এই সন্তানটিতো বহুত ভাল। সত্যনিষ্ঠ হ’লে এনেকুৱা
হ’ব লাগে। ভাল ভাল সন্তানতকৈ এওঁৰ পদ ভাল। বাকী যিসকলে সেৱা কৰি থাকে, তেওঁলোক
ক’ৰবাত নহয় ক’ৰবাত আবদ্ধ হৈ থাকে। একোৱে নকয়। ক’লেও এৰি নিদিয়ে। গীতত চোৱা,
প্ৰতিজ্ঞা কৰে যে যিয়েই নহওঁক, কেতিয়াও এনেকুৱা ভুল নকৰোঁ। মূল কথা হ’ল দেহ-অভিমানৰ।
দেহ-অভিমানৰ কাৰণেই ভুল হয়। বহুত ভুল কৰি থাকে সেইকাৰণে সাৱধান কৰি দিয়া হয়। পিতাৰ
কাম হ’ল বুজোৱা। নুবুজালে ক’ব মোক কোনোবাই বুজাইছে জানো। ইয়াৰ ওপৰত এটা কাহিনীও আছে।
পিতায়ো কয় সন্তানসকল সাৱধানে থাকা। নহ’লে বহুত শাস্তি ভূগীবলগীয়া হ’ব। আকৌ এনেকৈ
নক’বা যে মোক কিয় নুবুজালে। পিতাই স্পষ্টকৈ বুজায় অলপো পাপ কৰিলে বহুত বৃদ্ধি হৈ
যায়। তেতিয়া পিতাৰ আগত মূৰ তুলিব নোৱাৰিবা। মিছা ক’লেতো তৌবা তৌবা কৰিব লাগে। এনেকৈ
নাভাবিবা যে শিৱবাবাই জানো মোক চাই থাকে। হেৰ’ অজ্ঞান কালতো তেওঁ সকলো জানে
সেইবাবেতো পাপ আৰু পুণ্যৰ ফল দিয়ে। স্পষ্টকৈ কয় যে তোমালোকে পাপ কৰিলে তোমালোকৰ
কাৰণে বহুত কঠোৰ শাস্তি আছে। পিতাৰ পৰা উত্তৰাধিকাৰ ল’বলৈ আহিছা, তেন্তে তাৰ সলনি
দুয়োখন কাণতো কাটিব নালাগে নহয়। কয় এটা আৰু স্মৰণ কৰে বেলেগক। পিতাক স্মৰণ নকৰে
তেন্তে কোৱা তেওঁৰ কি গতি হ’ব? শুদ্ধ আহাৰ খোৱা, সত্য কথা কোৱা, সভ্য বস্ত্ৰ পিন্ধা…
এয়াও এতিয়াৰ কথা। যেতিয়া পিতা আহি শিকায় গতিকে তেওঁৰ সৈতে সকলো কথাতে সত্যনিষ্ঠ হৈ
থাকিব লাগে। ভাল বাৰু।
এনেকুৱা সৎ, বিশ্বাসী
আৰু আজ্ঞাকাৰী সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সততাৰে
পিতাৰ সেৱাত লাগি যাব লাগে। পূৰা বিশ্বাসী, আজ্ঞাকাৰী হ’ব লাগে। ঈশ্বৰীয় পৰিয়ালৰ
প্ৰতি সঁচা মৰম থাকিব লাগে।
(2) শ্ৰীমতত নিজৰ মত
বা ৰাৱণৰ মত মিহলি কৰিব নালাগে। একমাত্ৰ পিতা অন্য কোনো নাই এইটো প্ৰতিশ্ৰুতিত দৃঢ়
হৈ থাকিব লাগে। অন্তৰ শুদ্ধ পৱিত্ৰ কৰি তুলিব লাগে।
বৰদান:
আত্মিকতাৰ
সুবাসৰ আধাৰত সকলোকে পৰমাত্ম বাৰ্তা দিওতা বিশ্ব কল্যাণকাৰী হোৱা
আত্মিকতাৰ সৰ্ব শক্তি
নিজৰ মাজত ধাৰণ কৰি লোৱা তেতিয়া আত্মিকতাৰ সুবাসে সহজেই অনেক আত্মাক নিজৰ ফালে
আকৰ্ষিত কৰিব। যেনেকৈ মনৰ শক্তিৰে প্ৰকৃতিক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কৰি তোলা
তেনেকৈ বিশ্বৰ আত্মাসকল; যিসকল তোমালোকৰ সন্মুখলৈ আহিব নোৱাৰিব, তেওঁলোক দূৰৈত থকা
সত্ত্বেও তোমালোকে আত্মিকতাৰ শক্তিৰে পিতাৰ পৰিচয় বা মুখ্য বাৰ্তা দিব পাৰিবা।
যেতিয়া এই সূক্ষ্ম যন্ত্ৰপাতি দ্ৰুত কৰিবা, তেতিয়া ধৰফৰাই থকা অনেক আত্মাই অঞ্জলি
পাব আৰু তোমালোকক বিশ্ব কল্যাণকাৰী বুলি কোৱা হ’ব।
স্লোগান:
নিজৰ ওচৰত শুদ্ধ আৰু শ্ৰেষ্ঠ সংকল্প জাগ্ৰত কৰি ৰাখা, তেতিয়া ব্যৰ্থ স্বতঃ সুপ্ত
হৈ যাব।
অব্যক্ত ইংগিত:
নিশ্চয়তাৰ ভেটী মজবুত কৰি সদায় নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকা
যি সময়ত কোনো
পৰিস্থিতি আহে, সেই সময়ত পিতাক সংগী কৰি লোৱা, তেতিয়া অনুভৱ কৰিবা যে মই অকলশৰীয়া
নহয়, মোৰ লগত বিশেষ শক্তি আছে। য’ত পিতা আছে ত’ত যিমানেই ধুমুহা নাহক কিয়, সেয়া
উপহাৰ হৈ যাব। ‘নিশ্চয় বুদ্ধি বিজয়ন্তী’ — এইটো উপাধিৰ স্মৃতিৰে বিজয়ী হোৱা আৰু
বিজয়ী বৰ্ষ পালন কৰা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]