31.08.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
‘মনমনাভৱ’ৰ ব্যায়াম সদায় কৰি থাকিলে 21 জন্মৰ বাবে হৃষ্ট-পুষ্ট (নিৰোগী) হৈ যাবা”
প্ৰশ্ন:
সৎগুৰুৰ কোনটো
শ্ৰীমত পালন কৰাতেই গুপ্ত পৰিশ্ৰম আছে?
উত্তৰ:
সৎগুৰুৰ শ্ৰীমত হৈছে - মৰমৰ সন্তানসকল, এই দেহকো পাহৰি মোক স্মৰণ কৰা। নিজক অকলশৰীয়া
আত্মা বুলি বুজা। দেহী-অভিমানী হৈ থকাৰ পুৰুষাৰ্থ কৰা। সকলোকে এইটোৱেই বাৰ্তা দিয়া
যে অশৰীৰী হোৱা। দেহ সহিত দেহৰ সকলো ধৰ্ম পাহৰিলে তোমালোক পাৱন হৈ যাবা। এইটো
শ্ৰীমত পালন কৰিবলৈ সন্তানসকলে গুপ্ত পৰিশ্ৰম কৰিবলগীয়া হয়। ভাগ্যৱান সন্তানসকলেহে
এইটো গুপ্ত পৰিশ্ৰম কৰিব পাৰে।
ওঁম্শান্তি।
সন্তানসকল বহি
আছে - নিজৰ ভাতৃ আৰু ভগ্নীসকলক ব্যায়াম শিকাবলৈ। এয়া কোনটো ব্যায়াম? ইয়াত সন্তানসকলে
একো ক’বলগীয়া নহয়। তেওঁলোকে যি শাৰীৰিক ব্যায়াম আাদি কৰে তাততো ক’বলগীয়া হয়। এওঁতো
পৰম শিক্ষক হয় যিজন গীতাৰো ভগৱান, যিজনে সন্তানসকলক বহি যোগৰ ব্যায়ামো শিকায়। এই
ব্যায়ামো গুপ্ত। ব্যায়াম এইবাবেই শিকোৱা হয় যাতে বিদ্যাৰ্থীসকল হৃষ্ট-পুষ্ট (স্বাস্থ্যৱান)
হয়। তোমালোক সন্তানসকলে জানা যে এই ‘মনমনাভৱ’ৰ ব্যায়ামৰ দ্বাৰা 21 জন্মৰ বাবে বহুত
হৃষ্ট-পুষ্ট হৈ থাকিম। কেতিয়াও বেমাৰ নহ’ব। গতিকে এয়া কিমান ভাল আত্মিক ব্যায়াম।
পিতাই বুজায় ‘মনমনাভৱ’ (নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা), ইয়াত কোৱাৰো
প্ৰয়োজন নাই। মাত্ৰ বুজোৱা হয় যে নিজক আত্মা বুলি বুজা। দেহী-অভিমানী হোৱা। ‘হোৱা’ৰ
অৰ্থই হৈছে যে তোমালোকে পিতাক স্মৰণ কৰিলে তেতিয়া সৰ্বদা স্বাস্থ্যৱান হৈ যাবা।
কল্প পূৰ্বেও আমি এই আত্মিক ব্যায়ামৰ দ্বাৰা সৰ্বদা স্বাস্থ্যৱান হৈছিলোঁ। আত্মিক
ব্যায়াম, আত্মিক পিতা পৰমপিতা পৰমাত্মা শিৱইহে শিকায়। ভগৱান বুলিতো তেওঁকেই কোৱা হয়,
যাৰ পূজাও হয়। শিবায়ে নমঃ বুলিও কয় নহয়। ব্ৰহ্মা দেৱতায়ে নমঃ শিৱ পৰমাত্মায়ে নমঃ
বুলি ক’ব। এই ব্যায়াম কোনো দেহধাৰী মনুষ্যই নিশিকায়। এনেকুৱা নহয় যে তোমালোকক এই
ব্যায়াম ব্ৰহ্মাই শিকাইছে। নহয়, যদিওবা ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি কোৱা হয় কিন্তু....
চিঠিতো লিখা শিৱবাবা মাৰ্ফৎ ব্ৰহ্মা। তেওঁতো গুপ্ত হৈ গ’ল। কিন্তু মনুষ্যই কেনেকৈ
জানিব, ব্ৰহ্মাতো প্ৰজাপিতা হয়। গতিকে গোটেই জগত তেওঁৰ সন্তান হয়। প্ৰজাপিতা হয় নহয়।
ব্যায়াম শিকোৱাজনতো নিৰাকাৰ পিতা। তেওঁ গুপ্ত। গুপ্ত হোৱা বাবে মনুষ্যৰ বুজোতেও
অসুবিধা হয়। ব্ৰহ্মাকতো ভগৱান বুলি কোৱা নহয়। ইয়াত নামহে দেখুৱায় –
ব্ৰহ্মাকুমাৰ-কুমাৰী অৰ্থাৎ ব্ৰহ্মাৰ সন্তান। যেতিয়া কোনোবা আহে তেতিয়া তেওঁক বুজাব
লাগে যে এই নতুন সৃষ্টি ৰচোঁতাজন ব্ৰহ্মা নহয়, নিৰাকাৰ পিতাহে। যিজনে ব্ৰহ্মাৰ
দ্বাৰা ৰচনা ৰচে। পাৰলৌকিক পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা ৰচে গতিকে পৰম আত্মাৰ
ৰচনা হ’ল। তোমালোকে পত্ৰৰ ওপৰত লিখা শিৱবাবা মাৰ্ফৎ ব্ৰহ্মা। গতিকে এয়াও স্মৰণ কৰাৰ
যুক্তি। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা শিকায়। মাথো কয় ‘মনমনাভৱ’ আৰু কোনো পৰিশ্ৰম কৰিবলৈ
দিয়া নহয় মাথো কোৱা হয় যে তোমালোকে নিজৰ উন্নতি বিচৰা যদি আৰু সত্যখণ্ডৰ যদি মালিক
হ’ব বিচৰা তেন্তে সত্যখণ্ড স্থাপনা কৰোঁতাজনতো এজনেই সত্য পিতা, তেওঁক স্মৰণ কৰা।
বেহদৰ (পাৰলৌকিক) পিতাহে আহি সন্তানসকলক কয় যে মোক স্মৰণ কৰিলে পাপৰ পৰা মুক্ত হ’বা।
পৰমপিতা পৰমাত্মাৰ বাহিৰে শ্ৰীকৃষ্ণক পতিত-পাৱন বুলি কোৱা নহয়। আৰু কোনো নাম নল’ব।
ঈশ্বৰ পিতা বুলিয়েই ক’ব। সকলোৱে তেওঁক পিতা বুলি কয় তেন্তে তেওঁক সৰ্বব্যাপী বুলি
কেনেকৈ ক’ব পাৰে। কয় তেওঁ মুক্তি দিবলৈ আহে। এয়া মনুষ্যই নাজানে। গতিকে কল্পৰ
আয়ুসেই ওলোটাকৈ লিখি দিছে। এতিয়া সন্তানসকলে এইটো ব্যায়াম কৰিব লাগে। জ্ঞানতো পোৱা
হৈছে। যেতিয়া বহা তেতিয়া নিজক দেহী (আত্মা) বুলি বুজি পিতাক স্মৰণ কৰিলে বিকৰ্ম
বিনাশ হ’ব। শিক্ষক সন্মুখত গাদীত বহিলে শোভা পায়। নিয়ম আছে যে ব্যায়াম শিকাবৰ বাবে
শিক্ষক নিশ্চয় লাগে। কোনোবা জ্যেষ্ঠ শিক্ষক কোনোবা কনিষ্ঠ শিক্ষক থাকে। এতিয়া
তোমালোকৰ পৰীক্ষা লোৱাৰ দৰকাৰ নাই কিয়নো তোমালোকে নিজে জানা যে আমি কিমান সময় অতি
মৰমৰ পিতাক স্মৰণ কৰোঁ। ব্ৰহ্মা কোনো অতি মৰমৰ নহয়। অতি মৰমৰ সেইজন হয় যিজন সৰ্বদা
পাৱন। তোমালোক সন্তানসকলে জানা যে সকলোতকৈ মৰমৰ কোন। মনুষ্যই পৰমাত্মাকেই স্মৰণ কৰে
হে দুখহৰ্তা সুখকৰ্তা। তেওঁক মুক্তিদাতা বুলিও কয় অৰ্থাৎ দুখৰ পৰা মুক্ত কৰোঁতা।
গতিকে সন্তানসকলে নিজৰ পুৰুষাৰ্থ কৰিব লাগে। নাটকৰ পৰিকল্পনা অনুসৰি এই সৃষ্টি
নিশ্চয় পাৱন হ’ব লাগে আৰু পাৱন সৃষ্টি হ’বলৈ হ’লে জুই জ্বলিব লাগিব। এইটোও জানা যে
জুই কিদৰে লাগিব। বিনাশ অবিহনে সৃষ্টি পাৱন হ’ব নোৱাৰে। এয়া হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ....
ৰুদ্ৰ আৰু শিৱ - কোনো পাৰ্থক্য নাই। কিন্তু শিৱ নামটি হৈছে মুখ্য। বাকীতো নিজৰ নিজৰ
ভাষাত অনেক নাম ৰাখি দিছে। আচল নাম হৈছে শিৱ। শিৱ জয়ন্তীও পালন কৰে। ভাৰততেই
শিৱজয়ন্তী প্ৰসিদ্ধ। যিহেতু বেহদৰ পিতাৰ শিৱ জয়ন্তী তেন্তে তেওঁ নিশ্চয় আহেও।
শিৱবাবাৰ নাম প্ৰসিদ্ধ। ব্ৰহ্মাৰ দ্বাৰা স্বৰ্গৰ স্থাপনা কৰাওঁতা হয়। গতিকে সেইজন
উচ্চতকৈও উচ্চ পিতাক স্মৰণ কৰিবলগীয়া হয়। ব্ৰহ্মা উচ্চতকৈ উচ্চ নহয়। বাস্তৱত ব্ৰহ্মা
উচ্চতকৈও উচ্চ হয়গৈ। আকৌ অৱনমিতও হয়। তোমালোক বি.কে.সকলো নীচ আছিলা এতিয়া উচ্চ হৈ
আছা। একেবাৰে উচ্চ পিতাৰ ঘৰলৈ গুচি যাবা। তোমালোক এই সময়ত ত্ৰিকালদৰ্শী হৈ আছা।
তোমালোকে নিজে জানা যে আমিয়েই স্বদৰ্শন চক্ৰধাৰী। আমি ব্ৰহ্মাণ্ড আৰু সৃষ্টিৰ
আদি-মধ্য-অন্তক জানোঁতা হওঁ। ব্ৰহ্মাণ্ড অৰ্থাৎ উচ্চ, য’ত সকলো আত্মা নিবাস কৰে।
জগতত অন্য কোনো নাই যিয়ে বুজাব যে মুললোকত আত্মাসকল নিবাস কৰে। বিশ্ব আৰু
ব্ৰহ্মাণ্ড বেলেগ বেলেগ। আত্মাসকল নিৰ্বাণধামত থাকে, যাক শান্তিধাম বুলি কোৱা হয়।
সেইখন সকলোৰে মৰমৰ। তাৰ আচল নাম নিৰ্বাণধাম বা শান্তিধাম। আত্মাৰ স্বৰূপ হৈছে শান্ত।
এখন হৈছে শান্তিধাম তাৰপাছত হৈছে ছায়াচিত্ৰ ধাম আৰু এয়া হৈছে বাণীৰ ধাম। ছায়াচিত্ৰ
ধামত বেছি সময় থাকিব নালাগে। শান্তিধামততো বহুতেই থাকিবলগীয়া হয়, অন্য কোনো স্থান
নাই। আত্মাই যেতিয়া পিতা আৰু ঘৰক স্মৰণ কৰে তেতিয়া ওপৰত স্মৰণ কৰে। মাজৰ ধামখনকতো
তোমালোকৰ বাহিৰে অন্য কোনেও নাজানে। মনুষ্যৰতো ইমান জ্ঞান নাই। কেৱল কয় ব্ৰহ্মা,
বিষ্ণু, শঙ্কৰ সূক্ষ্মলোকত থাকে। বাকী তেওঁলোকৰ বৃত্তিৰ বিষয়ে নাজানে। 84 জন্ম লয়।
ব্ৰহ্মাই বিষ্ণু, বিষ্ণুৱেই ব্ৰহ্মা। এয়া হৈছে অধিযুগ। এয়া অলপ সময়ৰ বাবে। যেনেদৰে
পুৰুষোত্তম মাহ বুলি কোৱা হয়। এয়া তোমালোকৰ হীৰাৰ দৰে উত্তম হোৱাৰ উচ্চ জন্ম।
শূদ্ৰৰ পৰা ব্ৰাহ্মণ হোৱাতো সকলোতকৈ উত্তম। ব্ৰাহ্মণ হ’লে তেতিয়া ককাৰ উত্তৰাধিকাৰ
প্ৰাপ্ত কৰাৰ অধিকাৰী হোৱা।
পিতাই সন্তানসকলক কয় - সন্তানসকল সদায় মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমাত্মাক
স্মৰণ কৰা)। পিতাৰ বাৰ্তা সকলোকে দি থাকা। পিতাক কোৱাই হয় – বাৰ্তাবাহক অন্য কোনো
বাৰ্তাবাহক অথবা পয়গম্বৰ নাই। তেওঁলোকেতো আহি নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। পয়গম্বৰ
কেৱল এজন তেৱেঁই আহি তোমালোকক পৱিত্ৰ হ’বলৈ বাৰ্তা দিয়ে। তেওঁলোক আহে - ধৰ্ম
প্ৰতিষ্ঠা কৰিবলৈ। তেওঁলোক কোনো উভতাই লৈ যাওঁতা মাৰ্গ-দৰ্শক নহয়। তেওঁতো এজনেই
সৎগুৰু সৎগতি দিওঁতা হয়। সত্য কওঁতা, সঁচা মাৰ্গ-দৰ্শন কৰোঁতা এজনেই পৰমপিতা
পৰমাত্মা শিৱ। গতিকে সন্তানসকলে বহুত গুপ্ত পৰিশ্ৰম কৰিব লাগে। এতিয়া তোমালোকে জানা
যে আমি এই দেহক পাহৰি এজন পিতাক স্মৰণ কৰিব লাগে। আত্মাই যেতিয়া শৰীৰ ত্যাগ কৰে
তেতিয়া গোটেই জগতখনকেই ত্যাগ কৰে। আত্মা অকলশৰীয়া হৈ যায়। পিতাই কয় – দেহী-অভিমানী
হোৱা তেতিয়া কোনো মিত্ৰ-সম্বন্ধীয় স্মৃতিলৈ নাহিব। মই আত্মা, মই পিতাৰ ওচৰলৈ গুচি
যাম। পিতাই ৰায় দিয়ে যে তোমালোক মোৰ ওচৰলৈ কেনেকৈ আহিব পাৰিবা। এই বাবাও প্ৰখ্যাত।
এওঁৰ দ্বাৰা পিতাই সকলো আত্মাৰ মাৰ্গ-দৰ্শক হৈ মহৰ সদৃশ উভতাই লৈ যায়। এই যথাৰ্থ
জ্ঞান কেৱল তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। তোমালোকক পাণ্ডৱ সেনা বুলিও কোৱা হয়।
পাণ্ডৱপতি স্বয়ং সাক্ষাৎ পৰমপিতা পৰমাত্মা, যিজনে তোমালোক সন্তানসকলক ব্যায়াম শিকাই
আছে। হুবহু কল্প পূৰ্বৰ দৰে। যেতিয়া বিনাশ হ’ব তেতিয়া সকলো আত্মাই শৰীৰ ত্যাগ কৰি
গুচি যাব। সত্যযুগত যেতিয়া কিছু সংখ্যক আত্মাই বাস কৰিব তেতিয়া এক ৰাজ্য হ’ব। এতিয়া
অনেক আছে পুনৰ নিশ্চয় এক হ’ব। এই জ্ঞান গোটেই দিন বুদ্ধিত সোঁৱৰি থাকিব লাগে।
সন্তানসকলে প্ৰদৰ্শনীতো বুজাব লাগে। যেতিয়া নতুন দিল্লী আছিল তেতিয়া নতুন ভাৰত আছিল।
এটাই আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল। আদি সনাতন কোনো হিন্দু ধৰ্ম নাছিল। আমি
ব্ৰাহ্মণৰ পৰা দেৱতা হওঁ। এইটো অন্য ধৰ্মাৱলম্বীয়ে মানি নল’ব। যিসকল প্ৰথমতে আহে
তেওঁলোকেই 84 জন্ম লয়। এইবোৰ হৈছে একেবাৰে সহজতে বুজি পোৱা কথা। এতিয়া তোমালোক
সন্তানসকলৰ বুদ্ধিত আছে যে এতিয়া নাটক পূৰা হয়। সকলো ভাৱৰীয়া আহি গ’ল। 84 জন্ম পূৰা
কৰিলে, এতিয়া পুনৰ ঘৰলৈ যাব লাগে কিয়নো বহুত ভাগৰি পৰিছা নহয় জানো। ভক্তি মাৰ্গ
হয়েই ভাগৰি পৰাৰ মাৰ্গ। পিতাই কয় - এতিয়া মোক স্মৰণ কৰা অন্যকো বাৰ্তা দিয়া যে দেহ
সহিত দেহৰ সকলো সম্বন্ধ ত্যাগ কৰি নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। অশৰীৰী
হ’লে তেতিয়া পাৱন হৈ যাবা কিয়নো এতিয়া উভতি ঘৰলৈ যাব লাগে। মৃত্যু সন্মুখত থিয় হৈ
আছে।
ইয়ালৈও সন্তানসকল পিতাৰ ওচৰত সন্মুখত সজীৱ হ’বলৈ আহে। পিতাই সন্মুখত সন্তানসকলক
বুজায় যে সন্তানসকল দেহ-অভিমান ত্যাগ কৰি মামেকম্ (কেৱল মোক; পৰমপিতা পৰমাত্মা শিৱক)
স্মৰণ কৰা। এই পুৰণি সৃষ্টি এতিয়া নাশ হৈ যাব। তোমালোকে এজন পিতাক স্মৰণ কৰি পৱিত্ৰ
হ’লে তেতিয়া পৱিত্ৰ সৃষ্টিৰ মালিক হৈ যাবা। যদি পৰিশ্ৰম নকৰা তেন্তে ফলো নোপোৱা।
তেতিয়া শাস্তি খাবলগীয়া হ’ব। পিতাই কয় যে নিজৰ উপাৰ্জন জমা কৰি থাকা আৰু আনকো
নিমন্ত্ৰণ দিয়া। পিতাৰ ৰাস্তাও দেখুওৱা। তোমালোক সন্তানসকলো কল্যাণকাৰী হ’ব লাগে।
নিজৰ মিত্ৰ-সম্বন্ধীয় সকলৰো কল্যাণ কৰিব লাগে। ইয়াত তোমালোকক দেহী-অভিমানী কৰি তোলা
হয়। মহামন্ত্ৰ দিয়ে। প্ৰাচীন যোগ পিতায়েই আহি শিকাইছে, যাৰ বাবেই গায়ন কৰা হয় - যোগ
অগ্নিৰে পাপ দগ্ধ হৈ যাব, কল্প পূৰ্বেও এইটোৱেই ইংগিত পোৱা গৈছিল। পিতাই ইংগিত দিয়ে
যে নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। লাগিলে নিজৰ গৃহস্থ ব্যৱহাৰত থাকা। গায়ন কৰা
হৈছে যে মই তোমাৰ চৰণত পৰিছোঁ। এয়াও হয় - যেতিয়া কোনোবা দুখী হয় তেতিয়া উচ্চ
শক্তিশালীৰ ওচৰত গৈ শৰণ লয়। ইয়াততো বাস্তৱত হয়। যেতিয়া বহুত দুখ দেখে, সহ্য কৰিব
নোৱাৰে, উপায়হীন হয় তেতিয়া দৌৰি আহি পিতাৰ শৰণ লয়। সৎগতিতো একমাত্ৰ পিতাৰ বাহিৰে আন
কোনেও দিব নোৱাৰে। সন্তানসকলে জানে যে পুৰণি সৃষ্টিৰ বিনাশ হ'ব। প্ৰস্তুতি চলি আছে
এইফালে তোমালোকৰ স্থাপনাৰ প্ৰস্তুতি, সেইফালে বিনাশৰ প্ৰস্তুতি। স্থাপনা হৈ গ’লে
তেতিয়া বিনাশো নিশ্চয় হ'ব। তোমালোকে জানা যে বাবা আহিছে স্থাপনা কৰাবলৈ, এওঁৰ দ্বাৰা
উত্তৰাধিকাৰো নিশ্চয় পোৱা যাব। বাকী প্ৰেৰণাৰ দ্বাৰা কাম চলে জানো। শিক্ষকক ক’ব জানো
যে আমি আপোনাৰ প্ৰেৰণাৰ দ্বাৰা পঢ়ি ল’ম। যদিহে প্ৰেৰণাৰ দ্বাৰা সকলো হয় তেন্তে শিৱ
জয়ন্তী কিয় পালন কৰা হয়? প্ৰেৰণাৰ দ্বাৰা কৰোঁতাজনৰতো শিৱ জয়ন্তী পালন কৰাৰ দৰকাৰ
নাই। জয়ন্তীতো সকলো আত্মাৰ হয়। সকলো আত্মাই জীৱত আহে। আত্মা আৰু শৰীৰ যেতিয়া লগ হয়
তেতিয়া ভূমিকা পালন কৰে। আত্মাৰতো স্বধৰ্ম হৈছে শান্ত, তাতেই (আত্মাতেই) জ্ঞান ধাৰণ
হয়। আত্মাইহে ভাল-বেয়া সংস্কাৰ লৈ যায়। পিতাতো স্বৰ্গৰ ৰচয়িতা হয়। তাততো পৱিত্ৰতাহে
আছে। অপৱিত্ৰতাৰ নাম-চিহ্ন নাই। এয়া হৈছে বিষয় সাগৰ। কিমান স্পষ্টকৈ বুজোৱা হয়
তথাপিও কাৰো বুদ্ধিত ধাৰণ নহয় কিন্তু তোমালোকে কাকোৱে দোষ নিদিয়া। নাটকৰ বন্ধনত সকলো
বান্ধ খাই আছে।
তোমালোকে বুজি পোৱা - ছিৰিৰে ওপৰৰ পৰা তললৈ নামি আহিছা। নাটক অনুসৰি আমি নামিবই (অৱনমিত
হ’বই) লাগিব আকৌ পিতাই কয় - এতিয়া আৰোহণৰ বাবে (উচ্চলৈ যাবৰ বাবে) পুৰুষাৰ্থ কৰিব
লাগে। কিন্তু যাৰ ভাগ্যত নাই তেওঁ এনেকৈ কয়। যিয়ে এনেকৈ কয় তাৰ পৰা বুজা যায় যে
এওঁৰ ভাগ্যত নাই। 2-4 বছৰ চলি-চলিও বাগৰি পৰে (অধঃপতিত হয়)। অনুভৱো কৰে যে মই বহুত
ভুল কৰিলোঁ। বহুত আঘাত পালোঁ। এয়াও আধাকল্পৰ বেমাৰ, কম নহয়। আধাকল্পৰ ৰোগী। ভোগী
হ’লে ৰোগী হৈ যায়। গতিকে পিতাই আহি পুৰুষাৰ্থ কৰায়। শ্ৰীকৃষ্ণক যোগেশ্বৰ বুলি কয়।
এই সময়ত তোমালোক হৈছা সঁচা যোগী, যোগেশ্বৰে তোমালোকক যোগ শিকায়। তোমালোক
জ্ঞান-জ্ঞানেশ্বৰো হোৱা আকৌ ৰাজ-ৰাজেশ্বৰ হ’বা। জ্ঞানৰে তোমালোক ধনৱান হোৱা, যোগেৰে
নিৰোগী সৰ্বদা স্বাস্থ্যৱান হোৱা। আধাকল্পৰ বাবে তোমালোকৰ সকলো দুখ দূৰ হৈ যায় গতিকে
ইয়াৰ বাবে কিমান পুৰুষাৰ্থ কৰিব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পাৱন হ’বৰ
বাবে অশৰীৰী হোৱাৰ অভ্যাস কৰিব লাগে। সকলোকে বাৰ্তা দিব লাগে যে এজন পিতাক স্মৰণ কৰা।
দেহ সহিত সকলো পাহৰি যোৱা।
(2) যোগেশ্বৰ পিতাৰ
পৰা যোগ শিকি সঁচা যোগী হ'ব লাগে। জ্ঞানেৰে ধনৱান আৰু যোগেৰে নিৰোগী, সৰ্বদা
স্বাস্থ্যৱান হ'ব লাগে।
বৰদান:
নিমিত্ত
আত্মাসকলৰ পৰা কৰ্মযোগী হোৱাৰ বৰদান প্ৰাপ্ত কৰোঁতা মাষ্টৰ বৰদাতা হোৱা
যেতিয়া সাকাৰত কোনো
বস্তু দেখা যায় তেতিয়া তাক সহজে গ্ৰহণ কৰিব পৰা যায়, সেয়েহে যিসকল নিমিত্ত
শ্ৰেষ্ঠ আত্মা আছে, তেওঁলোকৰ সেৱা, ত্যাগ, স্নেহ আৰু সকলোৰে সহযোগীবোধৰ বাস্তৱিক
কৰ্ম দেখি যি প্ৰেৰণা পোৱা যায়, সেয়াই বৰদান হৈ যায়। যেতিয়া নিমিত্ত হৈ থকা
আত্মাসকলক কৰ্ম কৰি থাকোঁতে এই গুণসমূহৰ ধাৰণাত দেখিবলৈ পোৱা তেতিয়া সহজ কৰ্মযোগী
হোৱাৰ যেন বৰদান প্ৰাপ্ত হৈ যায়। যিসকলে এনেকৈ বৰদান প্ৰাপ্ত কৰি থাকে তেওঁলোক
নিজেও মাষ্টৰ বৰদাতা হৈ যায়।
স্লোগান:
নামৰ আধাৰত সেৱা কৰা অৰ্থাৎ উচ্চ পদ লাভ কৰাৰ ক্ষেত্ৰত নাম পিছত ৰাখি দিয়া।
অব্যক্ত ইংগিত:
অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা
পৱিত্ৰতাৰ চিন হৈছে—স্বচ্ছতা
আৰু সত্যতা। যদি গোটেই দিনটোত, সেয়া উঠাৰ ক্ষেত্ৰতেই হওক, বহাৰ ক্ষেত্ৰতেই হওক, কথা
কোৱাৰ ক্ষেত্ৰতেই হওক, সেৱা কৰাৰ ক্ষেত্ৰতেই হওক, সেয়া স্থূল সেৱাই হওক বা সূক্ষ্ম
সেৱাই হওক—যদি বিধিপূৰ্বকভাৱে কৰা নহয়, বিধিতো যদি অলপমানো পাৰ্থক্য হৈ যায়,
তেন্তে সেয়াও স্বচ্ছতা অৰ্থাৎ পৱিত্ৰতা নহয়। অপৱিত্ৰতা কেৱল কাৰোবাক দুখ দিয়া বা
পাপ কৰ্ম কৰাটোৱেই নহয়, কিন্তু নিজৰ মাজত যদি সত্যতা আৰু স্বচ্ছতা বিধিপূৰ্বকভাৱে
অনুভৱ কৰা, তেন্তে পৱিত্ৰ হৈছা।
প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]