31.12.25 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“মধুবন আটাইতকৈ পৱিত্র পিতাৰ ঘৰ, ইয়ালৈ তোমালোকে কোনো পতিতক আনিব নোৱাৰা”
প্ৰশ্ন:
এই ঈশ্বৰীয়
অভিযানত যিসকল দৃঢ় নিশ্চয় বুদ্ধিৰ তেওঁলোকৰ চিন কি হ'ব?
উত্তৰ:
1) তেওঁলোক স্তুতি-নিন্দা… সকলোতে ধৈৰ্যৰে কাম কৰিব, 2) ক্ৰোধ নকৰিব, 3) কাকো দৈহিক
দৃষ্টিৰে নাচাব। আত্মাকহে চাব, আত্মা হৈ কথা পাতিব, 4) স্ত্ৰী-পুৰুষ একেলগে থাকি
পদুম ফুলৰ দৰে থাকিব, 5) কোনো ধৰণৰ কামনা (ইচ্ছা) নাৰাখিব।
গীত:
জ্বলে ন কিউ
পৰৱানা……….. (চগাপোকবোৰ জ্বলি নাযাব কিয়…)
ওঁম্শান্তি।
আত্মিক
সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বুজাই আছে অৰ্থাৎ আত্মিক বিদ্যাৰ্থীসকলক ভগৱানে পঢ়াই
আছে। সেই স্কুলবোৰত যিসকল সন্তানে পঢ়ে, তেওঁলোকক আত্মিক বিদ্যাৰ্থী বুলি কোৱা নহ’ব।
সেয়াতো হয়েই আসুৰিক বিকাৰী সম্প্ৰদায়ৰ। আগতে তোমালোকো আসুৰিক অথবা ৰাৱণ সম্প্ৰদায়ৰ
আছিলা। এতিয়া ৰামৰাজ্যত যোৱাৰ বাবে 5 বিকাৰ ৰূপী ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবলৈ
পুৰুষাৰ্থ কৰি আছা। এই জ্ঞান যিসকলে প্ৰাপ্ত কৰা নাই তেওঁলোকক বুজাবলগীয়া হয় -
তোমালোক ৰাৱণৰাজ্যত আছা। নিজে বুজি নাপায়। তোমালোকে নিজৰ মিত্ৰ-সম্বন্ধীয় আদিক কোৱা
আমি বেহদৰ পিতাৰ পৰা পঢ়োঁ কিন্তু এনেকুৱা নহয় যে তেওঁলোকৰ নিশ্চয়তা জন্মে। যিমানেই
নোকোৱা যে পিতাই কৈছে বা ভগৱানে কৈছে তথাপি নিশ্চয়তা নজন্মে। নতুনসকলৰতো ইয়ালৈ অহাৰ
হুকুম নাই। চিঠি অবিহনে বা নোসোধাকৈতো কোনো আহিবও নোৱাৰে। কিন্তু ক’ৰবাৰ পৰা কোনোবা
আহি যায়, এয়াও নিয়মৰ উলংঘন। এজন এজনৰ সম্পূৰ্ণ পৰিচয়, নাম আদি লিখি সুধিবলগীয়া হয়।
এওঁক পঠিয়াই দিওঁনে? তেতিয়া বাবাই কয় বাৰু পঠিয়াই দিয়া। যদিহে আসুৰিক পতিত জগতৰ
বিদ্যাৰ্থী হয় তেন্তে পিতাই বুজাব, সেই পঢ়াতো বিকাৰী পতিতে পঢ়ায়। এয়া ঈশ্বৰে পঢ়ায়।
সেই পঢ়াৰ দ্বাৰা পাই-পইচাৰ পদ পোৱা যায়। যদিও কোনোবাই বহুত ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ
হয়, পাছত কিমানলৈনো তেওঁ উপাৰ্জন কৰি থাকিব! বিনাশতো সমাগত। প্ৰাকৃতিক দুৰ্যোগো
হ’বলগীয়া আছে। এয়াও তোমালোকে বুজি পোৱা, যিয়ে বুজি নাপায় তেওঁলোকক বাহিৰত সাক্ষাৎ
কৰা কোঠাত বহুৱাই বুজাবলগীয়া হয়। এয়া হ'ল ঈশ্বৰীয় পঢ়া, ইয়াত নিশ্চয় বুদ্ধিৰ হ’লেহে
বিজয় হ'ব অৰ্থাৎ বিশ্বত ৰাজত্ব কৰিব। ৰাৱণ সম্প্ৰদায়ৰ সকলেতো এয়া নাজানে। এই
ক্ষেত্ৰত বহুত সাৱধান হ’ব লাগে। বিনা অনুমতিত কোনেও ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। এয়া
কোনো ঘূৰা-ফুৰা কৰা স্থান নহয়। কিছুদিন পাছত নিয়ম কাঢ়া হৈ যাব কিয়নো এয়া হৈছে
আটাইতকৈ পৱিত্ৰ স্থান। শিৱবাবাক ইন্দ্ৰ বুলিও কয় নহয়। এয়া হৈছে ইন্দ্ৰসভা। মনুষ্যই
9 ৰত্নৰ আঙুঠিও পিন্ধে নহয়। সেই ৰত্নবোৰত নিলমো থাকে, পান্না, মাণিকো থাকে। এই
সকলোবোৰ নাম ৰখা আছে। পৰীসকলৰো নাম আছে নহয়। তোমালোক পৰীসকল উৰিব পৰা আত্মা।
তোমালোকৰেই বৰ্ণনা আছে। কিন্তু মনুষ্যই এই কথাবোৰ একোৱেই বুজি নাপায়।
আঙুঠিতো যেতিয়া ৰত্ন
লগায়, তেতিয়া তাত পুখৰাজ, নিলম, পেৰুজ আদিও থাকে। কোনোবাটোৰ দাম হাজাৰ যদি
কোনোবাটোৰ দাম 10-20 টকা। সন্তানসকলৰ মাজতো ক্ৰমানুসৰি আছে। কোনোৱেতো পঢ়ি মালিক হৈ
যায়। কোনোৱে আকৌ পঢ়ি দাস-দাসী হৈ যায়। ৰাজধানী স্থাপনা হয় নহয়। সেয়েহে পিতাই বহি
পঢ়ায়। ইন্দ্ৰও তেওঁকে কোৱা হয়। এয়া হৈছে জ্ঞানৰ বৰ্ষা। জ্ঞানতো পিতাৰ বাহিৰে অন্য
কোনেও দিব নোৱাৰে। তোমালোকৰ লক্ষ্য-উদেশ্যই হৈছে এয়া। যদিহে নিশ্চয়তা জন্মি যায় যে
ঈশ্বৰে পঢ়ায় তেন্তে তেওঁ পঢ়া এৰি নিদিব। যি হয়েই পাথৰ বুদ্ধিৰ, তেওঁলোকক কেতিয়াও
বাণে আঘাত নকৰিব। আহি আগবাঢ়ি গৈ থাকোঁতে আকৌ বাগৰি পৰে। 5 বিকাৰ হৈছে আধাকল্পৰ শত্ৰু।
মায়াই দেহ-অভিমানত আনি থাপৰ মাৰি দিয়ে তেতিয়া আশ্চৰ্যজনকভাৱে শুনে, শুনায় তাৰপাছত
আঁতৰি গুচি যায়। এই মায়া বৰ শক্তিশালী, এটা থাপৰতে বগৰাই দিয়ে। এনেকৈ ভাবে যে মই
কেতিয়াও অৱনমিত হৈ নাযাওঁ তথাপি মায়াই থাপৰ মাৰি দিয়ে। ইয়াত স্ত্ৰী-পুৰুষ দুয়োকে
পৱিত্ৰ কৰি তোলা হয়। তেনেকৈতো ঈশ্বৰৰ বাহিৰে কোনেও গঢ়ি তুলিব নোৱাৰে। এয়া হ'ল
ঈশ্বৰীয় অভিযান।
পিতাক নাৱৰীয়া বুলিও
কোৱা হয়, তোমালোক হ’লা নাও।, সকলোৰে নাও পাৰলৈ লৈ যাবলৈ নাৱৰীয়া আহে। কোৱাও হয়
সত্যৰ নাও টুলুংভুটুং কৰিব কিন্তু ডুবি নাযায়। কিমান অনেক মঠ পন্থ আছে। জ্ঞান আৰু
ভক্তিৰ যেন যুদ্ধ হয়। কেতিয়াবা ভক্তিৰো বিজয় হ'ব, অৱশেষততো জ্ঞানৰেই বিজয় হ'ব।
ভক্তিৰ ফালে চোৱা কিমান ডাঙৰ ডাঙৰ যোদ্ধা আছে। জ্ঞানমাৰ্গতো কিমান ডাঙৰ ডাঙৰ যোদ্ধা
আছে। অৰ্জুন, ভীম আদি নাম ৰাখিছে। এয়াতো বহি সকলো কাহিনী ৰচিছে। গায়নতো তোমালোকৰহে
আছে। তোমালোকৰ এতিয়া নায়ক-নায়িকাৰ ভূমিকা চলি আছে। এই সময়তহে যুদ্ধ চলে। তোমালোকৰ
মাজতো বহুত আছে যিয়ে এই কথাবোৰ একেবাৰে বুজি নাপায়। যিসকল ভাল হ’ব তেওঁলোককহে বাণে
আঘাত কৰিব। তৃতীয় শ্ৰেণীৰসকলতো বহিব নোৱাৰে। দিনে-প্ৰতিদিনে নিয়ম বহুত কাঢ়া হৈ যাব।
পাথৰ বুদ্ধিৰ যিয়ে একো বুজি নাপায় তেওঁলোকতো ইয়াত বহাটোও নীতি বিৰুদ্ধ।
এই প্ৰেক্ষাগৃহ
আটাইতকৈ পৱিত্ৰ। পোপক পৱিত্র বুলি কয়। এই পিতা হৈছে আটাইতকৈ পৱিত্র। পিতাই কয় - এই
সকলোৰে মই কল্যাণ কৰিব লাগে। এই সকলোবোৰ বিনাশ হৈ যাব। এয়াও জানো সকলোৱে বুজি পায়।
যদিও শুনে কিন্তু এখন কাণেৰে শুনি আনখনেৰে উলিয়াই দিয়ে। একো ধাৰণো নকৰে আৰু নকৰায়ো।
এনেকুৱা বোবা-কলাও বহুত আছে। পিতাই কয় - বেয়া নুশুনিবা….. তেওঁলোকেতো বান্দৰৰ চিত্ৰ
দেখুৱায়। কিন্তু এয়াতো মনুষ্যৰ কাৰণে কোৱা হয়। মনুষ্য এই সময়ত বান্দৰতকৈও অধম।
নাৰদৰো কাহিনী বহি ৰচিছে। তেওঁক ক’লে তুমি নিজৰ চেহেৰাতো চোৱা - 5 বিকাৰতো ভিতৰত
নাই? যেনেকৈ সাক্ষাৎকাৰ হয়। হনুমানৰো সাক্ষাৎকাৰ হয় নহয়। পিতাই কয় – কল্পই কল্পই এয়া
হয়। সত্যযুগত এনেকুৱা কোনো কথা নাথাকে। এই পুৰণি সৃষ্টিয়েই নাশ হৈ যাব। যিসকল দৃঢ়
নিশ্চয়বুদ্ধিৰ, তেওঁলোকে বুজি পায় যে কল্প পূৰ্বেও আমি এনেদৰে ৰাজত্ব কৰিছিলোঁ।
পিতাই কয় - সন্তানসকল, এতিয়া দৈৱীগুণ ধাৰণ কৰা। কোনো নীতি বিৰুদ্ধ কাম নকৰিবা।
স্তুতি-নিন্দা সকলোতে ধৈৰ্য্য ধৰিব লাগে। ক্ৰোধ থাকিব নালাগে। তোমালোক কিমান উচ্চ
বিদ্যাৰ্থী, ভগৱান পিতাই পঢ়ায়। তেওঁ প্রত্যক্ষভাৱে পঢ়াই আছে তথাপি কিমান সন্তানে
পাহৰি যায় কিয়নো সাধাৰণ শৰীৰ। পিতাই কয় - দেহধাৰীক তোমালোকে চালে ইমান উন্নতি কৰিব
নোৱাৰিবা। আত্মাক চোৱা। আত্মা এই ভ্রূকুটিৰ মাজত থাকে। আত্মাই শুনি কান্ধ লৰায় (সঁহাৰি
জনায়)। সদায় আত্মাৰ সৈতে কথা পাতা। তোমালোক আত্মা এই শৰীৰ ৰূপী আসনত বহি আছা।
তোমালোক তমোপ্ৰধান আছিলা এতিয়া সতোপ্ৰধান হোৱা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ
কৰিলে দেহৰ বোধ নোহোৱা হ'ব। আধাকল্পৰ দেহ-অভিমান আছে। এই সময়ত সকলো দেহ-অভিমানী।
এতিয়া পিতাই কয়
দেহী-অভিমানী হোৱা। আত্মায়ে সকলো ধাৰণ কৰে। খোৱা-বোৱা সকলো আত্মাই কৰে। পিতাকতো
অভোক্তা বুলি কোৱা হয়। তেওঁ হৈছে নিৰাকাৰ। এই শৰীৰধাৰীয়ে সকলো কৰে। তেওঁ খোৱা-বোৱা
একো নকৰে, অভোক্তা হয়। তেওঁলোকে আকৌ এয়া নকল কৰে। মনুষ্যক কিমান প্ৰবঞ্চনা কৰে।
তোমালোকৰ বুদ্ধিত এতিয়া সকলো জ্ঞান আছে, কল্প পূৰ্বে যিসকলে বুজিছিল তেওঁলোকেহে
বুজিব। পিতাই কয় - ময়েই কল্পই কল্পই আহি তোমালোকক পঢ়াওঁ আৰু সাক্ষী হৈ চাওঁ।
পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে যিসকলে পঢ়িছিল তেওঁলোকেই পঢ়িব। সময় লাগে। এনেকৈ কয় যে
কলিযুগৰ এতিয়া 40 হাজাৰ বছৰ বাকী আছে। গতিকে ঘোৰ অন্ধকাৰত আছে নহয়। ইয়াক অজ্ঞান
অন্ধকাৰ বুলি কোৱা হয়। ভক্তিমাৰ্গ আৰু জ্ঞানমাৰ্গৰ মাজত ৰাতি-দিনৰ পাৰ্থক্য আছে।
এয়াও বুজিবলগীয়া কথা। সন্তানসকলে বহুত আনন্দত ডুবি থকা উচিত। সকলো আছে, কোনো কামনা
নাই। জানে যে কল্প পূৰ্বৰ দৰে আমাৰ সকলো কামনা পূৰ্ণ হয় সেইবাবে পেট ভৰপূৰ হৈ থাকে।
যাৰ জ্ঞান নাই, তেওঁৰ জানো পেট ভৰপূৰ হৈ থাকিব। কোৱা হয় - আনন্দৰ নিচিনা পথ্য নাই।
জন্ম-জন্মান্তৰৰ বাবে ৰাজ্য-ভাগ্য পোৱা যায়। দাস-দাসী হ’বলগীয়াসকল ইমান আনন্দিত হৈ
নাথাকিব। সম্পূৰ্ণ মহাবীৰ হ'ব লাগে। মায়াই যাতে অস্থিৰ কৰিব নোৱাৰে।
পিতাই কয় – দুচকু (দৃষ্টিক)
বহুত সাৱধানে ৰাখিব লাগে। আসুৰিক দৃষ্টি যাতে নাযায়। স্ত্ৰীক দেখিলে চঞ্চল হৈ যায়।
হেৰ’ তোমালোকতো ভাই-ভনী, কুমাৰ-কুমাৰী হোৱা নহয়। তেন্তে কৰ্মেন্দ্ৰিয়ই চঞ্চলতা কিয়
কৰে! ডাঙৰ ডাঙৰ লাখপতি, কোটিপতিকো মায়াই শেষ কৰি দিয়ে। গৰিবকো মায়াই একেবাৰে মাৰি
পেলায়। তেতিয়া কয় - বাবা মই আঘাত পালোঁ। হেৰ’ 10 বছৰ পাছতো পৰাজিত হৈ গ’লা। এতিয়াতো
পাতালত বাগৰি পৰিলা। ভিতৰি বুজি পায় এওঁৰ অৱস্থা কেনেকুৱা। কোনো কোনোৱেতো বহুত ভাল
সেৱা কৰে। কন্যাসকলেও ভীষ্ম পিতামহ আদিক বাণ মাৰিছে নহয়। গীতাত কিছু কিছু আছে। এয়াতো
হয়েই ভগৱানুবাচ (ভগৱানৰ বাণী)। যদি শ্ৰীকৃষ্ণ ভগৱানে গীতা শুনালে তেন্তে এনেকৈ কিয়
কয় যে মই যি হওঁ যেনেকুৱা হওঁ, কোনোবা বিৰলজনেহে জানে। শ্ৰীকৃষ্ণ ইয়াত থকাহেঁতেন
ক’ব নোৱাৰি কি কৰিলেহেঁতেন। শ্ৰীকৃষ্ণৰ শৰীৰতো সত্যযুগতহে থাকে। এইটো নাজানে যে
শ্ৰীকৃষ্ণৰ বহুত জন্মৰ অন্তৰ শৰীৰত মই প্ৰৱেশ কৰোঁ। শ্ৰীকৃষ্ণৰ ওচৰলৈতো সকলোৱে
তৎক্ষণাৎ দৌৰি আহিব। পোপ আদি আহিলে কিমানে জাক পাতি গৈ একত্ৰিত হয়। মনুষ্যই জানো
এইটো বুজি পায় যে এই সময়ত সকলো পতিত তমোপ্ৰধান। এনেকৈ কয়ো – হে পতিত-পাৱন আহক কিন্তু
বুজি নাপায় যে আমি পতিত। পিতাই সন্তানসকলক কিমান ভালদৰে বুজায়। বাবাৰ বুদ্ধিতো সকলো
সেৱাকেন্দ্ৰৰ অনন্য সন্তানসকলৰ ফালে গুচি যায়। যেতিয়া অধিকসংখ্যক অনন্য সন্তান ইয়ালৈ
আহে তেতিয়া ইয়াত চাওঁ, নহ'লে বাহিৰত সন্তানসকলক স্মৰণ কৰিবলগীয়া হয়। তেওঁলোকৰ আগত
জ্ঞানৰ নৃত্য কৰোঁ। অধিক সংখ্যক জ্ঞানী আত্মা হ'লে আনন্দও লাগে। নহ’লেতো কন্যাসকলৰ
ওপৰত কিমান অত্যাচাৰ হয়। কল্পই কল্পই সহ্য কৰিবলগীয়া হয়। জ্ঞানত আহিলে তেতিয়া
ভক্তিও এৰা যায়। ধৰি লোৱা ঘৰত মন্দিৰ আছে, স্ত্ৰী-পুৰুষ দুয়োগৰাকীয়ে ভক্তি কৰে,
স্ত্ৰীৰ জ্ঞানৰ চমক লাগি যায় আৰু ভক্তি এৰি দিয়ে তেতিয়া কিমান গণ্ডগোল হৈ যাব।
বিকাৰতো নাযায়, শাস্ত্ৰ আদিও নপঢ়ে তেন্তে কাজিয়া হ'ব নহয়। এই ক্ষেত্ৰত বিঘ্ন বহুত
আহে, অন্য সৎসংগত যোৱাৰ ক্ষেত্ৰত বাধা নিদিয়ে। ইয়াত হৈছে পৱিত্রতাৰ কথা। পুৰুষতো
থাকিব নোৱাৰে গতিকে জংঘললৈ গুচি যায়, স্ত্ৰীসকল ক’লৈ যাব। স্ত্ৰীসকলক তেওঁলোকে নৰকৰ
দ্বাৰ বুলি ভাবে। পিতাই কয় - এওঁলোকতো স্বৰ্গৰ দ্বাৰ। তোমালোক কন্যাসকলে এতিয়া
স্বর্গ স্থাপন কৰা। ইয়াৰ আগতে নৰকৰ দ্বাৰ আছিল। এতিয়া স্বৰ্গ স্থাপনা হয়। সত্যযুগ
হ'ল স্বর্গৰ দ্বাৰ, কলিযুগ হ'ল নৰকৰ দ্বাৰ। এয়া বোধশক্তিৰ কথা। তোমালোক সন্তানসকলেও
পুৰুষাৰ্থৰ ক্ৰম অনুসৰি বুজি পোৱা। অন্ততঃ পৱিত্রততো হৈ থাকা। বাকী জ্ঞানৰ ধাৰণা
ক্ৰমানুযায়ী হয়। তোমালোকতো তাৰ পৰা ওলাই ইয়াত আহি বহি আছা, কিন্তু এতিয়াতো বুজোৱা
হয় গৃহস্থালিত থাকিব লাগে। তেওঁলোকৰ কষ্ট হয়। ইয়াত থকাসকলৰ কাৰণেতো একো কষ্ট নাই।
গতিকে পিতাই বুজায় পদুম ফুলৰ দৰে গৃহস্থালিত থাকি পৱিত্র হৈ থাকা। সেয়াও এই অন্তিম
জন্মৰ কথা। গৃহস্থালিত থাকিও নিজক আত্মা বুলি বুজা। আত্মাইহে শুনে, আত্মাহে এয়া হয়।
আত্মাইহে জন্ম-জন্মান্তৰ ভিন্ন ভিন্ন পোছাক পিন্ধি (শৰীৰ ধাৰণ কৰি) আহিছে। এতিয়া আমি
আত্মাসকল উভতি যাব লাগে। পিতাৰ সৈতে যোগসূত্ৰ গঢ়ি তুলিব লাগে। মূল কথা হৈছে এইটো।
পিতাই কয় - মই আত্মাসকলৰ সৈতে কথা পাতো। আত্মা ভ্রূকুটিৰ মাজত থাকে। এই
কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা শুনে। আত্মা ইয়াত নাথাকিলে শৰীৰ মৃত হৈ যায়। পিতা আহি কিমান
আচৰিত জ্ঞান দিয়ে। পৰমাত্মা অবিহনে এই জ্ঞান কোনেও বুজাব নোৱাৰে। সন্ন্যাসী আদিয়ে
আত্মাক দেখা পায় জানো। তেওঁলোকেতো আত্মাক পৰমাত্মা বুলি ভাবে। দ্বিতীয়তে আকৌ কয়
আত্মাত লেপ নালাগে। শৰীৰ ধুব কাৰণে গঙ্গালৈ যায়। এইটো নুবুজে যে আত্মাহে পতিত হয়।
আত্মাইহে সকলো কৰে। পিতাই বুজাই থাকে, এনেকৈ নাভাবিবা যে মই অমুক, এওঁ অমুক…….। নহয়,
সকলো আত্মা। জাত-পাতৰ কোনো ভেদ-ভাৱ থাকিব নালাগে। নিজক আত্মা বুলি বুজা। চৰকাৰে কোনো
ধৰ্মক নামানে। এই সকলো ধৰ্মতো হৈছে দেহৰ। কিন্তু সকলো আত্মাৰ পিতাতো এজনেই। চাবও
আত্মাকে লাগে। সকলো আত্মাৰ স্বধৰ্ম হৈছে শান্তি। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যিবোৰ কথা
কামৰ নহয়, সেয়া এখন কাণেৰে শুনি আনখনেৰে উলিয়াই দিব লাগে, বেয়া নুশুনিবা… পিতাই যি
শিক্ষা দিয়ে সেয়া ধাৰণ কৰিব লাগে।
(2) কোনো হদৰ কামনা
ৰাখিব নালাগে। দুচকু (দৃষ্টি) বহুত সাৱধানে ৰাখিব লাগে। আসুৰিক দৃষ্টি যাতে নাযায়।
কোনো কৰ্মেন্দ্ৰিয় যাতে চঞ্চল নহয়। আনন্দেৰে ভৰপূৰ হৈ থাকিব লাগে।
বৰদান:
মায়াৰ খেল
সাক্ষী হৈ প্ৰত্যক্ষ কৰোঁতা সদায় নিৰ্ভীক, মায়াজিৎ হোৱা
সময় অনুসৰি যেনেকৈ
তোমালোক সন্তানসকলৰ অৱস্থা আগবাঢ়ি গৈ আছে, সেই অনুসৰি এতিয়া মায়াৰ প্ৰহাৰ হ’ব নালাগে,
মায়া নমস্কাৰ জনাবলৈ আহক, প্ৰহাৰ কৰিবলৈ নহয়। যদি মায়া আহিও যায় তেন্তে সেয়া খেল
বুলি বুজি চোৱা। এনেকুৱা অনুভৱ হওক যেনেকৈ সাক্ষী হৈ হদৰ ড্ৰামা চোৱা। মায়াৰ
যেনেকুৱাই ভয়ানক ৰূপ নহওক তোমালোকে সেয়া খেলাৰ সামগ্ৰী আৰু খেল বুলি বুজি চালে বহুত
মজা লাগিব, তেতিয়া তালৈ ভয় নোখোৱা বা বিতত নোহোৱা। যিসকল সন্তানে সদায় খেলুৱৈ হৈ
সাক্ষী হৈ মায়াৰ খেল চায় তেওঁলোক সদায় নিৰ্ভীক আৰু মায়াজিৎ হৈ যায়।
স্লোগান:
এনেকুৱা স্নেহৰ সাগৰ হোৱা যাতে ক্ৰোধ সমীপলৈও আহিব নোৱাৰে।
অব্যক্ত সংকেত: এতিয়া
সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা
কৰ্মাতীত অৰ্থাৎ
কৰ্মৰ অধীন নহয়, কৰ্মৰ পৰতন্ত্ৰ নহয়। স্বতন্ত্ৰ হৈ কৰ্মেন্দ্ৰিয়সমূহৰ দ্বাৰা কৰ্ম
কৰোৱা। যি গায়ন আছে যে কৰিও অকৰ্তা, সম্পৰ্ক-সম্বন্ধত থাকিও কৰ্মাতীত, এনেকুৱা
অৱস্থা থাকেনে? কোনোধৰণৰ আসক্তি যাতে নাথাকে আৰু সেৱা যাতে আসক্তিৰে নকৰা কিন্তু
নিমিত্ত ভাৱেৰে কৰা। ইয়াৰ দ্বাৰা সহজে কৰ্মাতীত হৈ যাবা।